ৱিকিমেনিয়া ২০২৭
The Internet we want
ৱিকিমেনিয়া ২০২৭, ২২তম ৱিকিমানিয়া সন্মিলন, চিলিৰ চাণ্টিয়াগোত ১৮–২১ আগষ্ট, ২০২৭ ত সশৰীৰে আৰু অনলাইন যোগে অনুষ্ঠিত হ’ব।
১৮ বছৰৰ পাছত, ৱিকিমেনিয়া দক্ষিণ আমেৰিকালৈ ঘূৰি আহিছে, যি গোলকীয় দক্ষিণৰ পৰা ডিজিটেল পৰিৱেশসমূহ পুনৰ বিবেচনা কৰাৰ এক ঐতিহাসিক সুযোগ। বুয়েনছ আয়াৰেছ (২০০৯) আৰু মেক্সিকো চিটি (২০১৫) সংস্কৰণৰ পিছত, লেটিন আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া এইটো তৃতীয়টো আৰু দক্ষিণ আমেৰিকাত দ্বিতীয়টো ৱিকিমেনিয়া সন্মিলন হ'ব।
মূল বিষয়বস্তু
| নগৰ | চাণ্টিয়াগো, চিলি (বিমানবন্দৰ সুচাংক: SCL/SCEL) |
|---|---|
| তাৰিখসমূহ | ২০২৭ চনৰ দ্বিতীয় ষাণ্মাসিক, ১৮–২১ আগষ্ট |
| প্ৰকাৰ | হাইব্ৰিড |
| চৰকাৰী ভাষাসমূহ | স্পেনিছ, ইংৰাজী আৰু পৰ্তুগীজ |
| আমি আধিকাৰিক পঞ্জীয়ন নোহোৱালৈকে অ-প্ৰতিদেয় (নন-ৰিফাণ্ডেবল) বিমানৰ টিকট বা থকাৰ ব্যৱস্থা সংৰক্ষণ নকৰিবলৈ পৰামৰ্শ দিছোঁ। | |
ৱিকিমানিয়া চাণ্টিয়াগোৰ মূল বিষয়বস্তু হ’ব: "আমি বিচৰা ইণ্টাৰনেট"।
এনে এক সময়ত যেতিয়া ইণ্টাৰনেটৰ আদিম মুক্ত মনোভাৱ কেন্দ্ৰীকৰণ, চোৰাংচোৱাগিৰি আৰু ভূ-ৰাজনৈতিক বিভাজনৰ বাবে ভাবুকিৰ সন্মুখীন হৈছে, তেতিয়া চাণ্টিয়াগোৱে এই আন্দোলনৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ এক মঞ্চ হৈ পৰিছে: আমি কেনেকুৱা ইণ্টাৰনেট বিচাৰোঁ?
দক্ষিণ আমেৰিকা (যি অপৰিসীম ভাষিক, সাংস্কৃতিক আৰু জ্ঞানতাত্বিক বৈচিত্ৰ্যৰ এক অঞ্চল) ৰ পৰা আমি এনে এটা ইণ্টাৰনেটৰ কল্পনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ যাৰ বৈচিত্ৰ্য অধিক, যি অধিক সমতাপূৰ্ণ আৰু অধিক ন্যায়সংগত; য’ত জ্ঞান কোনো বিশেষাধিকাৰ নহয় বৰঞ্চ এটা অধিকাৰ; য’ত সংখ্যালঘু ভাষাসমূহক আধিপত্যবাদী ভাষাসমূহৰ সৈতে সমভাৱে মূল্য দিয়া হয়; আৰু য’ত তথ্য আৰু জ্ঞান আহৰণবাদৰ পৰিৱৰ্তে সহযোগিতা বিজয়ী হয়, য’ত লাভৰ সলনি জনস্বাৰ্থৰ বাবে নিৰ্মিত ডিজিটেল ৰাজহুৱা সম্পদসমূহক প্ৰসাৰিত আৰু শক্তিশালী কৰা হয়।
ৱিকিমেনিয়া কি?
ৱিকিমেনিয়া হৈছে গোলকীয় ৱিকিমিডিয়া আন্দোলনৰ সৰ্ববৃহৎ বাৰ্ষিক সন্মিলন আৰু ই প্ৰতি বছৰে একোখন ভিন্ন দেশত অনুষ্ঠিত হয়। ই সমূদায়ৰ স্বেচ্ছাসেৱক, সম্পাদক, বিকাশক, গৱেষক, মুক্ত জ্ঞানৰ কৰ্মী, প্ৰতিষ্ঠানিক সহযোগী, আৰু ৱিকিমিডিয়া ফাউণ্ডেচন তথা ইয়াৰ সংবদ্ধ গোটসমূহৰ প্ৰতিনিধিসকলক একেলগে আনি উত্তম কাৰ্যপদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ আৰু মুক্ত জ্ঞানৰ পৰিস্থিতিতন্ত্ৰটো কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।
চিলিত ইয়াৰ আগমনে আন্দোলনৰ ইতিহাসত এক নতুন অধ্যায় সূচিত কৰিছে, যিয়ে লেটিন আমেৰিকাত ৱিকিমিডিয়া সমূদায়ৰ বিকাশ আৰু পৰিপক্কতাক প্ৰতিফলিত কৰে; লগতে প্ৰতিফলিত কৰে এক স্বেচ্ছাসেৱক নেটৱৰ্কৰ শক্তিক, যিয়ে এক দশকতকৈও অধিক সময় ধৰি বিভিন্ন সমূদায়, ভাষা আৰু জ্ঞানৰ মাজত সম্পৰ্কৰ সেতু নিৰ্মাণ কৰি আহিছে।
এক সহযোগিতামূলক প্ৰচেষ্টা
লেটিন আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ ৱিকিমিডিয়া শাখা আৰু স্বেচ্ছাসেৱকসকলৰ সহযোগত আয়োজিত, ৱিকিমানিয়া চাণ্টিয়াগোৰ সংগঠনটো ৱিকিমানিয়া মূল আয়োজক দল (COT), ৱিকিমিডিয়া চিলি, ৱিকিমিডিয়া ফাউণ্ডেচন (WMF), আৰু ৱিকিমানিয়া পৰিচালনা সমিতিৰ মাজৰ ঘনিষ্ঠ সহযোগিতাৰ ওপৰত প্ৰতিষ্ঠিত।
আমাৰ লক্ষ্য হৈছে ৱিকিমিডিয়াক প্ৰাণৱন্ত কৰি তোলা সংযোগ আৰু সমূদায়সমূহক উদযাপন কৰা, আৰু আমি বিচৰা ধৰণৰ ইণ্টাৰনেট গঢ়ি তোলা বান্ধোনসমূহক শক্তিশালী কৰা।
আয়োজকবৃন্দ
- সহযোগকাৰী সংবদ্ধ গোটসমূহ
Wikimania throughout the years
Frankfurt 2005 ● Cambridge 2006 ● Taipei 2007 ● Alexandria 2008 ● Buenos Aires 2009 ● Gdańsk 2010 ● Haifa 2011 ● Washington, D.C. 2012 ● Hong Kong 2013 ● London 2014 ● Mexico City 2015 ● Esino Lario 2016 ● Montréal 2017 ● Cape Town 2018 ● Stockholm 2019 ● online 2021 ● online 2022 ● Singapore 2023 ● Katowice 2024 ● Nairobi 2025 ● Paris 2026 ● Santiago 2027
Future discussions
Future of Wikimania ● Expressions of Interest to Host Future Wikimanias
Other information
Video Archive ● Accomplishment Reports